ৰাহুল গান্ধীৰ বৈদেশিক সম্পৰ্ক আৰু বিশ্বব্যাপী হিন্দু-বিৰোধী তন্ত্ৰৰ ছাঁ
ভাৰতৰ সাম্প্ৰতিক ৰাজনৈতিক সংঘাত এতিয়া কেৱল দেশৰ সীমাৰ ভিতৰতে আৱদ্ধ হৈ থকা নাই; ই লাহে লাহে এক গভীৰ আৰু অত্যন্ত কুটিল আন্তঃৰাষ্ট্ৰীয় ৰূপ ধাৰণ কৰিছে। বৰ্তমান সময়ত একাংশ ৰাজনৈতিক শক্তিয়ে দেশীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সলনি বিদেশী মঞ্চ, পশ্চিমীয়া বিশ্ববিদ্যালয়, থিংক-টেংক (think tank) আৰু বিদেশী পুঁজিৰে পৰিচালিত সংগঠনসমূহক নিজৰ সংকীৰ্ণ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়সমূহক বিশ্বমঞ্চত তুলি ধৰাৰ চেষ্টা চলাইছে। গণতন্ত্ৰ, সংখ্যালঘুৰ অধিকাৰ আৰু নাগৰিক স্বাধীনতাৰ দৰে আকৰ্ষণীয় শ্লোগানৰ আৰ লৈ আচলতে ভাৰতৰ সাৰ্বভৌমত্ব, সাংস্কৃতিক আত্মবিশ্বাস তথা হিন্দু সভ্যতাৰ মূল ভেটিটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাহে লাহে ক্ষতিগ্ৰস্ত কৰাৰ এক সুপৰিকল্পিত প্রচেষ্টা চলি থকা বুলি বহু ক্ষেত্ৰত পৰিলক্ষিত হৈছে। এই সমগ্ৰ প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে ভাৰতৰ বৰ্তমানৰ গণতান্ত্ৰিক আৰু জন সমৰ্থিত শাসন ব্যৱস্থাক বিশ্বদৰবাৰত এক "সংখ্যাগৰিষ্ঠতাবাদী" আৰু "একনায়কত্ববাদী" চৰকাৰ হিচাপে উপস্থাপন কৰা। বিগত এটা দশকত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত দিয়া বক্তব্য আৰু ভাৰত-বিৰোধী বৈচাৰিক গোষ্ঠীৰ সৈতে গঢ়ি উঠা ঘনিষ্ঠ সম্পৰ্কসমূহক বিশ্লেষণ কৰিলে এই বিপজ্জনক তথা দেশ-বিৰোধী বৃহৎ ধাৰাটোৰ এক স্পষ্ট আভাস পোৱা যায়।
এখন সুস্থ গণতন্ত্ৰত বিৰোধী দলৰ গঠনমূলক সমালোচনাৰ পূৰ্ণ স্থান থাকে। কিন্তু ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণসূচীসমূহ কোনো স্বাভাৱিক বা গঠনমূলক সমালোচনাৰ অংশ নাছিল। বৰঞ্চ, তেওঁৰ বক্তব্যৰ সাদৃশ্য এনে কিছুমান নিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, সক্ৰিয়তাবাদী গোষ্ঠী (activist networks), বিদেশী পুঁজিৰ নেটৱৰ্ক আদিৰ সৈতে দেখা যায় যিবোৰে পূৰ্বৰে পৰা ভাৰতবৰ্ষ, বিজেপি, আৰ.এছ.এছ., হিন্দুত্ব, কাশ্মীৰ নীতি আৰু চি.এ.এ. (CAA) আদিৰ বিৰুদ্ধে বিষোদগাৰ কৰি আহিছে। এই সাদৃশ্যই আচলতে এক ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ দিশে আঙুলিয়াই দিয়ে।
University of California, Berkeley-ৰ পৰা University of Cambridge-লৈ, Chatham House-ৰ পৰা Stanford University-লৈ, আৰু Georgetown University-ৰ পৰা European Parliament-লৈকে—ৰাহুল গান্ধীৰ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ বাৰে বাৰে এনে কিছুমান মঞ্চত দেখা গৈছে, য’ত ভাৰতক এক প্ৰাচীন সভ্যতাভিত্তিক গণতন্ত্ৰ (civilizational democracy) হিচাপে মৰ্যাদা দিয়া হোৱা নাই। বৰঞ্চ, এই মঞ্চসমূহত ভাৰতক তথাকথিত "democratic backsliding" (গণতান্ত্ৰিক পতন)-ৰ এক পৰীক্ষাগাৰ হিচাপহে উপস্থাপন কৰাৰ চেষ্টা চলোৱা হৈছে। এই পশ্চিমীয়া অভিজাত মঞ্চসমূহত হিন্দুত্বক এক থলুৱা আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজনৈতিক তথা সাংস্কৃতিক ধাৰা হিচাপে মানি লোৱাৰ সলনি এক গোলকীয় "ভাবুকি" হিচাপে দেখুওৱাৰ এক নিকৃষ্ট প্ৰয়াস চলি থকা পৰিলক্ষিত হৈছে। ভাৰতৰ কোটি কোটি ভোটাৰৰ দ্বাৰা প্ৰদত্ত নিৰ্বাচনী প্ৰক্ৰিয়াক এক বিপদৰ সংকেত হিচাপে প্ৰদৰ্শন কৰি ৰাহুল গান্ধীয়ে দেশৰ গণতন্ত্ৰক আঘাত কৰিছে। ইয়াৰ উপৰিও দেশৰ স্বতন্ত্ৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহক "নিয়ন্ত্ৰিত" বা "ফোঁপোলা" বুলি কৰা তেওঁৰ মন্তব্যসমূহে আচলতে সমগ্ৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাক বিশ্বদৰবাৰত হেয় প্ৰতিপন্ন আৰু অপমানিত কৰি আহিছে।
২০১৬ চনৰ আশে-পাশে আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ইউৰোপ, তুৰস্ক আৰু লণ্ডন ভ্ৰমণসমূহ কোনো স্পষ্ট চৰকাৰী নথিপত্ৰ বা ৰাজহুৱা ভাষণ নোহোৱাকৈ অত্যন্ত গোপনীয়তাৰে আবৃত আছিল। ঘৰুৱা ৰাজনৈতিক সংকটৰ সময়ত হোৱা এই অপ্ৰকাশিত বিদেশ ভ্ৰমণসমূহে এক বিশেষ আৰ্হি প্ৰদৰ্শন কৰিছিল, যি পৰৱৰ্তী সময়ৰ সুপৰিকল্পিত ৰাজনৈতিক কাৰ্যসূচীৰ এক প্ৰস্তাৱনা আছিল। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণৰ সৈতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত এক ডাঙৰ পৰিৱৰ্তন আহে। Sam Pitroda আৰু Indian Overseas Congress-ৰ সমন্বয়ত আয়োজিত এই ভ্ৰমণসূচীত UC Berkeley, Princeton, আৰু Center for American Progress (CAP) আদি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান অন্তৰ্ভুক্ত আছিল। বৰ্কলেৰ ভাষণত তেওঁ বংশবাদী ৰাজনীতিক সমৰ্থন কৰাৰ লগতে অসহিষ্ণুতাৰ বিষয়টোক লৈ Bharatiya Janata Party-ক তীব্ৰ সমালোচনা কৰে। এই ভ্ৰমণ কেৱল এক ৰাজনৈতিক কাৰ্যসূচী নাছিল, বৰঞ্চ ই আছিল পশ্চিমীয়া শৈক্ষিক আৰু ৰাজনৈতিক পৰিস্থিতিতন্ত্ৰৰ (ecosystem) সহায়ত ভাৰতৰ Democratic Backsliding আৰু Populism আদি বিষয়সমূহক বিশ্বদৰবাৰত উপস্থাপন কৰাৰ এক সচেতন প্ৰয়াস।
এই সমগ্ৰ নেটৱৰ্কত Pradeep Chhibber, Shivaji Sondhi, Neera Tanden, John Podesta, আৰু Richard Verma আদি প্ৰভাৱশালী ব্যক্তি আৰু কেবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান জড়িত আছিল। এই সংস্থাসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা দাতা গোষ্ঠীৰ ভিতৰত Ford Foundation, Bill and Melinda Gates Foundation, Open Society Foundations, UAE ৰাজদূতাবাস, Walmart, Citibank, আৰু আমেৰিকাৰ শিক্ষা বিভাগ আদি অন্যতম আছিল। উল্লেখনীয় যে, এই প্ৰক্ৰিয়াৰ সৈতে জড়িত বহুতো দাতব্য সংস্থা ইতিমধ্যে ভাৰত চৰকাৰৰ কঠোৰ নিৰীক্ষণৰ পৰিসৰলৈ আহিছিল। যেনে, ২০১৫ চনত গৃহ মন্ত্ৰালয়ে Ford Foundation-ক নিৰীক্ষণ তালিকাত (watchlist) অন্তৰ্ভুক্ত কৰিছিল, ২০১৬ চনত Open Society Foundations-ক "prior reference category"-ৰ অধীনলৈ আনি বেচৰকাৰী সংস্থাক ধন যোগান ধৰাৰ ওপৰত চৰকাৰী অনুমতি বাধ্যতামূলক কৰিছিল, আৰু ২০১৭ চনত Gates Foundation-ৰ সহযোগী প্ৰতিষ্ঠান 'Public Health Foundation of India'-ৰ FCRA পঞ্জীয়ন বাতিল কৰা হৈছিল। এই সকলোবোৰ কাৰকে স্পষ্ট কৰে যে এই বিদেশ ভ্ৰমণসমূহ এক দীৰ্ঘম্যাদী, সুপৰিকল্পিত আৰু গোলকীয় ৰাজনৈতিক কৌশলৰ অংশ আছিল।
ৰাহুল গান্ধীৰ এই দেশ-বিৰোধী মানসিকতা চূড়ান্ত পৰ্যায় পাইছিল ২০১৮ চনৰ আগষ্ট মাহত লণ্ডনৰ International Institute for Strategic Studies (IISS)-ৰ মঞ্চত, য’ত তেওঁ RSS-ক ‘মুছলিম ব্ৰদাৰহুড’ (Muslim Brotherhood)-ৰ দৰে এটা উগ্ৰ ইছলামীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰিছিল। পশ্চিমীয়া নীতি-নিৰ্ধাৰক আৰু সামৰিক থিংক-টেংক (Think Tank)ৰ সন্মুখত হিন্দুত্বক এক আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় ভাবুকি হিচাপে প্ৰদৰ্শন কৰাৰ এই কৌশল আছিল অতি কুৎসিত। পাকিস্তান-পৃষ্ঠপোষকতাৰে চলা জিহাদী হিংসা, Lashkar-e-Taiba-ৰ ২৬/১১ মুম্বাই আক্ৰমণ, Indian Mujahideen-ৰ ধাৰাবাহিক বিস্ফোৰণ আৰু কাশ্মীৰী পণ্ডিতসকলৰ নৃশংস গণহত্যাৰ দৰে উগ্ৰ ইছলামী সন্ত্ৰাসবাদৰ বলি হৈ ভাৰতে কৰা হাজাৰ হাজাৰ লোকৰ ত্যাগক সম্পূৰ্ণৰূপে লুকাই ৰখিবলৈ প্ৰয়াস কৰা হৈছিল। উল্লেখযোগ্য যে, কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ কাৰ্যকালত সমগ্ৰ দেশক আভ্যন্তৰীণ জিহাদী ভাবুকিৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ পি. চিদাম্বৰমৰ দৰে নেতাই "গেৰুৱা সন্ত্ৰাসবাদ" (saffron terror)-ৰ দৰে এক ভুৱা আৰু বিপজ্জনক ধাৰণা তৈয়াৰ কৰাৰ যি ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিল, ৰাহুল গান্ধীৰ বিদেশী ভাষনসমূহ আছিল তাৰে এক গোলকীয় সম্প্ৰসাৰণ। ইছলামী উগ্ৰপন্থীক লৈ কোমল আৰু বুজাবুজিৰ নীতি লোৱা তথা বাটলা হাউচ (Batla House) এনকাউণ্টাৰক লৈ ৰাজনীতি কৰা কংগ্ৰেছ দলে বিদেশৰ মাটিত হিন্দু সভ্যতাৰ জাগৰণক দেশ বিৰোধীতা অথবা দেশত উশৃংখলতা সৃষ্টি কৰা বুলি অভিহিত কৰি এক দুমুখীয়া নীতি প্ৰদৰ্শন কৰি আহিছে।
ৰাহুল গান্ধী আৰু তেওঁৰ মিত্ৰজোঁটে কেৰালাত জিকিলে তাক গণতন্ত্ৰৰ জয় বুলি কয়, কিন্তু যেতিয়াই বিজেপিয়ে অসম বা পশ্চিম বংগত বিশাল নিৰ্বাচনী বিজয় সাব্যস্ত কৰে, তেতিয়াই তেওঁলোকে তাক "জনমতৰ চুৰি" আৰু "ভোট চুৰি" বুলি অভিহিত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটোকে অপমানিত কৰে। ২০২৩ চনত Cambridge Judge Business School-ত দিয়া ভাষণত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰ বিপন্ন হোৱা বুলি চিঞৰাৰ লগতে তেওঁৰ ফোনত Pegasus Spyware থকাৰ এক ভিত্তিহীন দাবী উত্থাপন কৰিছিল, যাৰ উদ্দেশ্য আছিল কেৱল দেশৰ প্ৰতিষ্ঠানসমূহক বিশ্বৰ চকুত হেয় প্ৰতিপন্ন কৰা। ইয়াৰ পিছতে Stanford CDDRL আৰু Chatham House-ৰ মঞ্চ ব্যৱহাৰ কৰি তেওঁ একেধৰণৰে ভাৰত-বিৰোধী প্ৰচাৰ চলাইছিল। কেৱল সেয়ে নহয়, আমেৰিকা ভ্ৰমণৰ সময়ত তেওঁ Hindus for Human Rights-ৰ সহ প্ৰতিষ্ঠাপক Sunita Vishwanath-ৰ দৰে বিতৰ্কিত ব্যক্তিক লগ পাইছিল, যাৰ সম্পৰ্ক ভাৰত বিৰোধী উগ্ৰপন্থী সংগঠন Indian American Muslim Council (IAMC)-ৰ সৈতে থকা বুলি প্ৰমাণ পোৱা গৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ৰাহুল গান্ধীয়ে European Parliament-ৰ সদস্য Pierre Larrouturou আৰু Alviina Alametsä-ক সাক্ষাৎ কৰে, যাৰ ঠিক কেইমাহমান পূৰ্বে উক্ত সংসদে মণিপুৰ সংকটক লৈ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এক ঔপনিৱেশিক মানসিকতাৰে হস্তক্ষেপকাৰী প্ৰস্তাৱ গ্ৰহণ কৰিছিল। Pierre Larrouturou-এ স্থানীয় বিজেপি চৰকাৰে "সংঘাতৰ জুইত ঘিঁউ ঢালিছে" বুলি আৰু মোদীৰ পেৰিছ ভ্ৰমণক "অপমান" বুলি কৰা মন্তব্যই স্পষ্ট কৰে যে ৰাহুল গান্ধীয়ে বিদেশী ৰাজনৈতিক ব্যক্তিসকলক দেশৰ ঘৰুৱা ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ এক মুকলি সুযোগ কৰি দিছিল। গতিকে, Berkeley, Cambridge, Chatham House, Stanford, European Parliament, আৰু IAMC-ৰ সৈতে জড়িত সমগ্ৰ নেটৱৰ্কটোক একেলগে চালে এয়া স্পষ্ট হৈ পৰে যে ৰাহুল গান্ধীৰ এই বৈদেশিক সম্পৰ্ক কোনো কাকতালীয় সংযোগ নহয়, বৰঞ্চ ই এক সুপৰিকল্পিত, হিন্দু-বিৰোধী আৰু দেশৰ সাৰ্বভৌমত্বক প্ৰহাৰ কৰিবলৈ কৰা এক গোলকীয় তন্ত্ৰৰ অংশ।
