জাতীয়তাবাদৰ সাঁথৰ: অসম আন্দোলন আৰু ইয়াৰ বিস্মৃত প্ৰতিপক্ষ
প্ৰতিটো ৰাজনৈতিক আন্দোলনৰে একো একোটা পটভূমি থাকে। ই কেতিয়াও হঠাতে গঢ়ি নুঠে; বৰঞ্চ দীৰ্ঘদিনীয়া অৱহেলা, প্ৰত্যাখ্যান আৰু ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপেহে ইয়াৰ সূচনা হয়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে হোৱা ঐতিহাসিক অসম আন্দোলন ইয়াৰ এক অন্যতম উদাহৰণ। ই কেৱল এখন ভোটাৰ তালিকাৰ বিসংগতিৰ বিৰুদ্ধে কৰা প্ৰতিবাদ নাছিল, বৰঞ্চ ই আছিল দশক জুৰি চলা জনগাঁথনিৰ পৰিৱৰ্তন আৰু ৰাজনৈতিক ভুল সিদ্ধান্তৰ বিৰুদ্ধে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম।
কিন্তু বৰ্তমান সময়ত আঞ্চলিকতাবাদ বা জাতীয়তাবাদৰ নামত যি ৰাজনীতি চলিছে, তাত এক গভীৰ সাঁথৰ পৰিলক্ষিত হৈছে। যিসকল নেতাই আজি অসমীয়া জাতীয়তাবাদৰ দোহাই দিয়ে, তেওঁলোকেই অতীতত আন্দোলনকাৰীসকলক দমন কৰা, তেওঁলোকক দেশদ্ৰোহী আখ্যা দিয়া আৰু অবৈধ প্ৰব্ৰজনকাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ আইন প্ৰণয়ন কৰা শক্তিৰ সৈতে হাত মিলাইছে। এই ঐতিহাসিক সত্যসমূহ কোনো অনুমানৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে নথিভুক্ত ইতিহাস, নিৰ্দিষ্ট চৰকাৰী সিদ্ধান্ত আৰু প্ৰমাণিত তথ্য।
শেহতীয়া অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই জাতীয়তাবাদৰ সংকটৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে প্ৰতিষ্ঠা কৰা অসম জাতীয় পৰিষদ (AJP) আৰু এজন কমিউনিষ্ট ভাৱধাৰাৰ পৰা জাতীয়তাবাদী নেতালৈ ৰূপান্তৰিত হোৱা অখিল গগৈয়ে প্ৰতিষ্ঠা কৰা ৰাইজৰ দলে এই নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। যি সময়ত সমগ্ৰ অসম আন্দোলনৰ মূল লক্ষ্যই আছিল অবৈধ বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা, তেনেস্থলত এই দুই আঞ্চলিকতাবাদী দলে অনা-খিলঞ্জীয়া মুছলমান প্ৰধান সমষ্টিসমূহকহে লক্ষ্য কৰিছিল। তেওঁলোকে প্ৰথমে তেনে অঞ্চলত ১৫-২০ খন আসন দাবী কৰিছিল যদিও অৱশেষত ক্ৰমে ১০ আৰু ১৩ খন আসনত সন্তুষ্ট হ’বলগীয়া হয়। খিলঞ্জীয়া লোকৰ প্ৰাধান্য থকা সমষ্টিসমূহত নিজৰ বেয়া প্ৰদৰ্শন হ’ব পাৰে বুলি ভয় কৰি কংগ্ৰেছে এই আসনসমূহ এৰি দিবলৈ অস্বীকাৰ কৰাত, AJP আৰু ৰাইজৰ দলে এই অঞ্চলবোৰত কম আসনতে সন্তুষ্ট হ’বলগীয়া হৈছিল। উদাহণস্বৰূপে: ধিং বিধানসভা সমষ্টিৰ পৰা মেহবুব মুক্তাৰ, গৌৰীপুৰ সমষ্টিৰ পৰা আবুল মিঞা, গোৱালপাৰা পূব সমষ্টিৰ পৰা আব্দুৰ বাছিদ মণ্ডল, দলগাঁও সমষ্টিৰ পৰা আজিজুৰ ৰহমান আৰু বিন্নাকান্দি সমষ্টিৰ পৰা আলহাজ ৰেজাউল কৰিম চৌধুৰী। নিৰ্বাচনৰ ফলাফলত দেখা গ’ল যে AJP-য়ে এখনো আসন লাভ নকৰিলে আৰু ৰাইজৰ দলে মাত্ৰ দুখন আসনত জয়লাভ কৰিলে, যাৰ ভিতৰত এজন আছিল ধিং সমষ্টিৰ মেহবুব মুকতাৰ আৰু আনজন স্বয়ং অখিল গগৈ। আনহাতে কংগ্ৰেছে ১০১ খন আসনৰ ভিতৰত ১৯ খনত জয়লাভ কৰে, যাৰ ভিতৰত ১৮ জনেই আছিল অনা-খিলঞ্জীয়া মুছলমান প্ৰাৰ্থী। নাওবয়চা বিধান সভা সমষ্টি সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থকাৰ বাবেহে তাৰ পৰা এজন হিন্দু প্ৰাৰ্থী জে পি দাসে জয়লাভ কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ নিৰ্বাচনী সমীকৰণে স্পষ্ট কৰি দিয়ে যে জাতীয়তাবাদী দলসমূহৰ লক্ষ্য কেনেকৈ সেই অনা-খিলঞ্জীয়া মুছলমান প্ৰধান সমষ্টিসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল, যাৰ বিৰুদ্ধে এসময়ত ৮৫৫ জন শ্বহীদে প্ৰাণ আহুতি দিছিল।
অসমৰ এই অনুপ্ৰৱেশৰ সমস্যাটো কিন্তু ১৯৭৯ চনত হঠাতে আৰম্ভ হোৱা নাছিল। ইয়াৰ ইতিহাস বহু পুৰণি। ১৯৫১ চনত RSS ৰ তদানীন্তন মুৰব্বী M.S. Golwalkar-এ অসম ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল, য’ত তেওঁ পূব পাকিস্তানৰ পৰা হোৱা প্ৰণালীবদ্ধ প্ৰব্ৰজনে অসমৰ জনগাঁথনি চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে বুলি সকীয়াই দিছিল। ইয়াৰ পিছত ১৯৬০ চনৰ দশকত RSS কাৰ্যকৰ্তাৰ দ্বাৰা পৰিচালিত ‘আলোক’ নামৰ এখন অসমীয়া সাপ্তাহিক কাকতেও এই অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰিছিল। কিন্তু সেই সময়ৰ কংগ্ৰেছ চৰকাৰে এই সকলো সকীয়ানি আওকাণ কৰাৰ লগতে ইয়াৰ বিপৰীত দিশতহে খোজ পেলাইছিল। ১৯৬৪ চনত প্ৰধানমন্ত্ৰী নেহেৰুৱে অসমৰ তেতিয়াৰ মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাক অতি ফলপ্ৰসূভাৱে চলি থকা Prevention of Infiltration Programme (PIP) বন্ধ বা মন্থৰ কৰিবলৈ নিৰ্দেশ দিছিল, কাৰণ চৰকাৰৰ ভিতৰৰে একাংশ প্ৰব্ৰজনকাৰী সমৰ্থক গোটৰ পৰা ইয়াৰ বিৰুদ্ধে ৰাজনৈতিক চাপ আহিছিল। ১৯৬৯ চনৰ ভিতৰত Fakhruddin Ali Ahmed আৰু Moinul Haque Chaudhary-ৰ দৰে কংগ্ৰেছ নেতাৰ হেঁচাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পুলিচী তালাচী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে, যাৰ ফলত সীমান্ত সুৰক্ষা শিথিল হৈ পৰে। পৰৱৰ্তী সময়ত ১৯৭২ চনত স্বাক্ষৰিত হোৱা ইন্দিৰা-মুজিব চুক্তিৰ জৰিয়তে অসমৰ লাখ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক বৈধতা প্ৰদান কৰিলে। ১৯৭৫ চনত কংগ্ৰেছ সভাপতি দেব কান্ত বৰাই অতি অহংকাৰেৰে কৈছিল যে যেতিয়ালৈকে “আলি, কুলি, বঙালী” তেওঁলোকৰ লগত আছে, তেতিয়ালৈকে তেওঁলোকে অসমৰ খিলঞ্জীয়া লোকৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।
১৯৭৯ চনত মঙলদৈ সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটাৰ তালিকা সংশোধনৰ সময়ত প্ৰায় ৪৫,০০০ সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম ধৰা পৰাৰ পিছতে অসম আন্দোলনৰ সূচনা হয়। অসমৰ ৰাইজৰ দাবী আছিল অতি সাংবিধানিক—“No Deletion, No Election” অৰ্থাৎ বিদেশীৰ নাম কৰ্তন নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই দাবীক গুৰুত্ব নিদি নিৰ্বাচন পাতিবলৈ আগবাঢ়িছিল, যাক ইতিহাসবিদ J. Baruah য়ে এক অসাংবিধানিক পদক্ষেপ বুলি অভিহিত কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আন্দোলনকাৰীসকলক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। ১৯৮০ চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী Giani Zail Singh-এ আন্দোলনৰ নেতাসকলক “দেশদ্ৰোহী” আখ্যা দিছিল আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইয়াৰ আঁৰত CIA-ৰ দৰে বিদেশী শক্তিৰ হাত থকা বুলি অপপ্ৰচাৰ চলাইছিল। আন্দোলনক মষিমূৰ কৰিবলৈ ১৯৮০ চনৰ ডিচেম্বৰ মাহত Syeda Anwara Taimur ক অসমৰ মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়া হয়, যাৰ মূল লক্ষ্যই আছিল অনুপ্ৰৱেশকাৰীৰ ভোটবেংক সুৰক্ষিত কৰা। ইতিহাসবিদ Gupta আৰু S. Baruah-ৰ মতে, তেওঁৰ কাৰ্যকালত প্ৰশাসনৰ ব্যাপক “অ-অসমীয়াকৰণ” (De-Assamization) কৰা হৈছিল আৰু National Security Act প্ৰয়োগ কৰি সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ আৰোপ কৰা হৈছিল, যাক পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে।
অসম আন্দোলনৰ ইতিহাসত আটাইতকৈ ক’লা অধ্যায়টো আছিল ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহৰ বিধানসভা নিৰ্বাচন। চোৰাংচোৱা সংস্থাৰ স্পষ্ট সকীয়ানি আৰু খিলঞ্জীয়া ৰাইজৰ সম্পূৰ্ণ বৰ্জন স্বত্বেও ইন্দিৰা গান্ধী চৰকাৰে বলপূৰ্বকভাৱে নিৰ্বাচন জাপি দিছিল। ইয়াৰ পৰিণতিত অসমত অভূতপূৰ্ব হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় আৰু প্ৰায় ৩,০০০ তকৈও অধিক লোকে প্ৰাণ হেৰুৱায়, যাৰ বিষয়ে ইতিহাসবিদ Saikia আৰু J. Baruah-ৰ লেখাত উল্লেখ আছে। এই ভয়াবহ হত্যাকাণ্ডৰ পিছতো প্ৰধানমন্ত্ৰীয়ে নিজে অসম ভ্ৰমণলৈ আহি ইয়াৰ বাবে AASU আৰু AAGSP-কহে দোষাৰোপ কৰিছিল। ইয়াৰ পিছতে চৰকাৰে ১৯৮৩ চনত Illegal Migrants (Determination by Tribunals) Act বা IMDT Act প্ৰণয়ন কৰে, যিখন আইন কেৱল অসমৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা হৈছিল। এই আইনে অবৈধ বিদেশী চিনাক্তকৰণৰ বোজা চৰকাৰ বা অভিযুক্তৰ পৰিৱৰ্তে অভিযোগকাৰীৰ ওপৰত জাপি দিছিল, যাৰ ফলত ২২ বছৰত মাত্ৰ ১,৪৮১ জন বিদেশীকহে বহিষ্কাৰ কৰিব পৰা গৈছিল। অৱশেষত ২০০৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই আইনখনক অসাংবিধানিক আৰু দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি বুলি ঘোষণা কৰি খাৰিজ কৰে। ইয়াৰ পিছত ১৯৮৫ চনত Assam Accord বা অসম চুক্তি স্বাক্ষৰিত হয় আৰু ভাৰতীয় নাগৰিকত্ব আইন (Citizenship Act)ত Section 6A অন্তৰ্ভুক্ত কৰি ১৯৭১ চনৰ কটাফ তাৰিখটোক আইনী ৰূপ দিয়া হয়, যাৰ সাংবিধানিক বৈধতা লৈ আজিও উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে।
আনহাতে, কংগ্ৰেছে যেতিয়া আন্দোলনটোক দমন কৰিবলৈ চেষ্টা কৰিছিল, ঠিক সেই সময়তে দেশৰ আন কিছুমান সংগঠনে দিল্লীৰ বুকুত অসমৰ এই আন্দোলনৰ সপক্ষে জনমত গঠন কৰিছিল। ১৯৭৯ চনৰ ৬ ডিচেম্বৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (ABVP) মুখ্য নিৰ্বাচন আয়ুক্ত S.L. Shakdher-ক লগ কৰি ভোটাৰ তালিকা সংশোধন নকৰাকৈ অসমত নিৰ্বাচন অনুষ্ঠিত নকৰিবলৈ স্মাৰকপত্ৰ দিছিল। ১৯৮০ চনৰ ৯ জুনত তেওঁলোকে সংসদ ভৱনৰ সন্মুখত ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে, য’ত Chandra Shekhar, George Fernandes আৰু Madhu Dandavate-ৰ দৰে ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰিছিল। ABVP-য়েই AASU-ৰ নেতাসকলক JNU, Utkal University আৰু Hyderabad University-ৰ দৰে শিক্ষানুষ্ঠানলৈ লৈ গৈছিল, য’ত বাওঁপন্থী বুদ্ধিজীৱীসকলে অসম আন্দোলনক ‘বঙালী খেদা আন্দোলন’ বা ‘উগ্ৰপন্থী আন্দোলন’ বুলি অপপ্ৰচাৰ চলাইছিল। ১৯৮১ চনৰ জানুৱাৰী মাহত তেওঁলোকে দিল্লীৰ Constitution Club-ত এখন ৰাষ্ট্ৰীয় সন্মিলন পাতিছিল, য’ত অসম সাহিত্য সভা আৰু গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ দৰে অসমৰ ১২ টা প্ৰধান সংগঠনে অংশ লৈছিল। ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ পিছত প্ৰয়াত সুশীল মোডীৰ নেতৃত্বত ৰাজঘাটৰ পৰা গুৱাহাটীলৈ ৬,১১৮ কিলোমিটাৰ জোৰা ‘শ্বহীদ জ্যোতি যাত্ৰা’ উলিওৱা হৈছিল, যাৰ উদ্দেশ্য আছিল সমগ্ৰ দেশৰ বুকুত অসমৰ শ্বহীদসকলৰ ত্যাগৰ বাৰ্তা বিয়পাই দিয়া।
একে সময়তে বিজেপিৰ সংসদীয় ভূমিকাও সমান্তৰালভাৱে চলি আছিল। ১৯৭৯ চনৰ শেষৰ ফালে, সংসদত বিজেপি আৰু জনসংঘৰ সদস্যসকলে ভোটাৰ তালিকা সংশোধন নকৰালৈকে নিৰ্বাচন স্থগিত ৰখাৰ দাবী উত্থাপন কৰিছিল, যিটো আছিল এই আন্দোলনে দিল্লীৰ পৰা লাভ কৰা প্ৰথমটো ৰাজনৈতিক সমৰ্থন। ১৯৮১ চনত অটল বিহাৰী বাজপেয়ীয়ে গুৱাহাটী ভ্ৰমণ কৰে আৰু ১৯৫১ চনৰ NRC ৰ ওপৰত ভিত্তি কৰি এই সমস্যা সমাধানৰ প্ৰস্তাৱ দিছিল। ১৯৮৩ চনৰ সেই ৰক্তাক্ত নিৰ্বাচনৰ সময়ত বাজপেয়ী, জচৱত সিং আৰু L.K. Advani-ৰ দৰে জ্যেষ্ঠ নেতাই অসম ভ্ৰমণ কৰি নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰিছিল। আনকি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজেই ১৯৮০ চনত ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল যে RSS আৰু জন সংঘয়ে অসম আন্দোলনক সম্পূৰ্ণ সমৰ্থন দিছে। সেই সময়ত বাওঁপন্থী CPM নেতা নিৰেন ঘোষেও অভিযোগ কৰিছিল যে AASU-ৰ মাজত RSS-ৰ ব্যাপক অনুপ্ৰৱেশ ঘটিছে। এই ঐতিহাসিক তথ্যবোৰে প্ৰমাণ কৰে যে যি সময়ত অসমৰ অস্তিত্ব বিপন্ন হৈছিল, সেই সময়ত কোনে অসমক সংগ্ৰামৰ মজিয়াত সহায় কৰিছিল।
আজিৰ অসমৰ ৰাজনৈতিক দৃশ্যপট সঁচাকৈয়ে বিচিত্ৰ। যিসকল নেতাই এসময়ত AASU-ৰ মজিয়াৰ পৰা ওলাই নিজকে অসমীয়া স্বাৰ্থৰ ৰক্ষক বা জাতীয়তাবাদী বুলি দাবী কৰে, তেওঁলোকেই আজি সেই কংগ্ৰেছ দলৰ সৈতে নির্বাচনী মিত্ৰতা কৰিছে, যিখন চৰকাৰে অসমীয়া ডেকাৰ ওপৰত গুলী চলাইছিল, যাৰ গৃহমন্ত্ৰীয়ে অসমীয়াক দেশদ্ৰোহী কৈছিল আৰু যিয়ে IMDT Act আনি বিদেশী সুৰক্ষা দিছিল। আনহাতে, যিবোৰ সংগঠনে ১৯৫১ চনৰ পৰাই অসমত ঘটা অনুপ্ৰৱেশৰ বিৰুদ্ধে মাত মাতি আহিছে, সংসদৰ ভিতৰে-বাহিৰে আন্দোলনক সমৰ্থন কৰিছে, তেওঁলোকক আজি এইসকল জাতীয়তাবাদীয়ে প্ৰধান শত্ৰু হিচাপে গণ্য কৰিছে। ৰাজনৈতিক স্বাৰ্থ বা সুবিধাৰ বাবে যিকোনো দলেই মিত্ৰতা কৰিব পাৰে, কিন্তু তাৰ বাবে ইতিহাসক বিকৃত কৰাৰ অধিকাৰ কাৰো নাই। প্ৰকৃত জাতীয়তাবাদ বা আঞ্চলিকতাবাদ কেৱল এটা শ্ল’গান নহয়, ই হ’ল নিজৰ ইতিহাস আৰু শ্বহীদসকলৰ ত্যাগৰ প্ৰতি থকা দায়বদ্ধতা। অসম আন্দোলনে আমাক এই শিক্ষাই দিয়ে যে কোনে আমাক মষিমূৰ কৰিব খুজিছিল আৰু কোনে আমাৰ কাষত থিয় দি আমাৰ সুৰক্ষাৰ বাবে যুঁজ দিছিল। এই সত্যতা পাহৰি গ’লে হয়তো জাতিৰ অস্তিত্ব সুৰক্ষিত হৈ নাথাকিব।
References:
- Baruah, J. (2019). The Role of Students in the Historic Assam Movement, RESEARCH REVIEW, International Journal of Multidisciplinary.
- Baruah, S. (1986). Immigration, ethnic conflict, and political turmoil—Assam, 1979–1985. Asian Survey.
- Bhattacharjee, M. (2016). Tracing the Emergence and Consolidation of Hindutva in Assam. Economic and Political Weekly.
- Goswami, S. (2020). Assam Politics in Post-Congress Era. SAGE Publications.
- Gupta, S. (1984). Assam: A Valley divided. VIKAS PUBLISHING HOUSE.
- Manojkant, R. P., & Umendra, D. (2022). Dhyeya yatra: ABVP ki aitihasik jivan gatha [Dhyeya yatra: Historical life saga of ABVP] (Vols. 1-2). Prabhat Prakashan.
- Nath, M.K. (2021). THE MUSLIM QUESTION IN ASSAM AND NORTHEAST INDIA. Routledge.
- Pisharoty, S. (2019). Assam: The Accord, the Discord. New Delhi: Penguin Random House.
- Saikia, A. (2011). THE QUEST FOR MODERN ASSAM. Penguin.
- The Times of India. (1979, December 11). ABVP for postponing poll in Assam.
- Times of India. (1980, April 23). Stop repressive steps, says BJP.
- Times of India. (1980, June 12). PM ready to solve Assam issue.
- Times of India. (1981, January 28). ABVP condemns Assam policy.
- Times of India. (1983, January 9). BJP boycotts Assam poll.
- Times of India. (1983, April 11). Saikia accuses RSS of hand in violence.
- Times of India. (1983, May 7). MPs allege govt. foul play: Assam.
- Times of India. (1983, September 20). ABVP team off to Gauhati for satyagraha.
